বিটিচি নিৰ্বাচনত কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতা

বিটিচি নিৰ্বাচনত কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতা
27

ডিজিটেল ডেস্কঃ বিটিচি নিৰ্বাচনত একেলগে খেলিব কংগ্ৰেছ আৰু এ আই ইউ ডি এফে। এক যুটীয়া সংবাদমেলযোগে বিটিচি নিৰ্বাচনত মিত্ৰতাৰ কথা প্ৰকাশ কৰিছে ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দল দুটাই। বিটিচিৰ ২০ টা সমষ্টিত কংগ্ৰেছ আৰু এ আই ইউ ডি এফে প্ৰতিদ্বন্দিতা কৰিব বুলি উল্লেখ কৰি ইয়াৰে কংগ্ৰেছে ১৩ টা সমষ্টি আৰু এ আই ইউ ডি এফে ৭ টা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াব।

আনহাতে কংগ্ৰেছ আৰু এ আই ইউ ডি এফক বাদ দি কোনো দলেই চৰকাৰ গঠন কৰিব নোৱাৰে বুলি মন্তব্য কৰি চৰকাৰ কৰিবলৈ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ সমৰ্থন লাগিবই বুলি সদৰি কৰে দল দুটাই।

যিকোনো দলক সমৰ্থন দিয়াৰ পূৰ্বে সকলো দিশ চাই লোৱাৰ কথা প্ৰকাশ কৰাৰ কথা উল্লেখ কৰি কয় যে, বিজেপিক বাদ দি যি ৰাজনৈতিক দলে চৰকাৰ কৰিব বিচাৰে আমাৰ সমৰ্থন বিচাৰিলে সমৰ্থন দিম বুলিও সংবাদমেলত এই কথা প্ৰকাশ কৰে।সংবাদমেলত বিধায়ক দুৰ্গা দাস বড়ো, ৱাজিদ আলী চৌধুৰী, হাফিজ বচীৰ আহমেদ আৰু আমিনুল ইছলামে উপস্থিত থাকে।

Khobor24Hours

Leave a Reply

Your email address will not be published. Required fields are marked *