কৰ’ণাৰ প্ৰভাৱঃ ১ এপ্ৰিলৰ পৰা হ’ব ‘কা’ বিৰোধী আন্দোলন

কৰ’ণাৰ প্ৰভাৱঃ ১ এপ্ৰিলৰ পৰা হ’ব ‘কা’ বিৰোধী আন্দোলন
51

ডিজিটেল ডেস্কঃ মহামাৰী কৰ’ণা ভাইৰাছক লৈ বিশ্বৰ প্ৰান্তে প্ৰান্তে আতংকৰ পৰিৱেশৰ সৃষ্টি হৈছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সাৱধানমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ সময়তে অসমত বাতিল কৰা হৈছে কা বিৰোধী আন্দোলন। কালি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত হোৱা আলোচনাত ১৯ মাৰ্চত সকলো জিলা ভিত্তিক দল-সংগঠনৰ বিষয়ববীয়াৰ সৈতে আলোচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

একেদৰে ২০ মাৰ্চত গুৱাহাটীত অনুষ্ঠিত হ’ব আলোচনা সভা। ২২ মাৰ্টত ৰাজ্যত আঞ্চলিক পর্যায়ত হ’ব আলোচনা। ২৩ মাৰ্চত সামূহিক সংগ্ৰামী মঞ্চ গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

পুনৰ ১ এপ্ৰিলৰ পৰা কা বিৰোধী আন্দোলন ধাৰাবাহিকভাবে হ’ব। শ্বহীদ ভৱনত আছু আৰু যুৱ-ছাত্ৰ পৰিষদৰ বিষয়ববীয়াৰ সৈতে অনুষ্ঠিত হোৱা বৈঠকত এই কথা প্ৰকাশ।

ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে গুৱাহাটীতো তীব্ৰ আন্দোলন হ’ব৷ শিল্পী সমাজ ছাত্ৰ সমাজকে ধৰি সকলো দল-সংগঠনৰ সহযোগত হ’ব এই আন্দোলন। আন্দোলনৰ ৰণকৌশল ৰচনা কৰা হৈছে। বিহুৰ সময়তো হ’ব আন্দোলন। এই ঘোষণা কৰে বৈঠকখনত। বিহু পাতিব, আন্দোলনো হ’ব। পৰীক্ষাৰ বাবে বন্ধ আছিল কা আন্দোলন।

‘কৰ’ণা ভাইৰাছ ৰুধিবলৈ চৰকাৰক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে বৈঠকখনত। অধিক পৰীক্ষাগাৰ স্থাপন কৰিব লাগে বুলি উল্লেখ কৰি কৰ’ণা প্ৰতিৰোধী সামগ্ৰী বিনামূলীয়াকৈ ৰাইজক বিতৰণ কৰিবলৈকো আহ্বান জনাইছে।

Khobor24Hours

6 thoughts on “কৰ’ণাৰ প্ৰভাৱঃ ১ এপ্ৰিলৰ পৰা হ’ব ‘কা’ বিৰোধী আন্দোলন

Leave a Reply

Your email address will not be published. Required fields are marked *