কৰ’ণাৰ বাবে বিপদত পৰিছে ভ্ৰাম্যমান কলা-কুশলী

কৰ’ণাৰ বাবে বিপদত পৰিছে ভ্ৰাম্যমান কলা-কুশলী
28

ডিজিটেল ডেস্কঃ মহামাৰী কৰ’ণাক লৈ আতংকৰ পৰিৱেশ বিৰাজ কৰি থকাৰ সময়তে ৰাজ্য চৰকাৰে থিয়েটাৰৰ নাট প্ৰদৰ্শন বন্ধ কৰি দিয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে। যোৰহাটত এক সংবাদমেলযোগে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰক থিয়েটাৰ বন্ধ নকৰিবলৈ আহ্বান জনাইছে।

শেহতীয়াকৈ কৰ’ণা ভাইৰাছৰ বাবে ভ্ৰাম্যমান উদ্যোগৰ লগত জড়িত ৰাজ্যৰ ডেৰশ পৰিয়ালৰ জীৱন-জীৱিকাৰ প্ৰতি চৰম ভাবুকি নামি অহা বুলি উল্লেখ কৰি অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে।

আনহাতে থিয়েটাৰ বন্ধ কৰাৰ পৰিৱৰ্তে ৰাজ্য চৰকাৰক থিয়েটাৰ চাবলৈ অহা দৰ্শকক স্ক্ৰিনীঙৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে। উল্লেখ্য যে, আগন্তুক ২০,২১ আৰু ২২ তাৰিখে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া আছিল প্ৰস্তুতি পৰাশৰে অভিনয় কৰা আৱাহন থিয়েটাৰ।

Khobor24Hours

Leave a Reply

Your email address will not be published. Required fields are marked *