কৰ’ণাত আক্ৰান্ত হৈ পুনৰ এজনৰ মৃত্যু

কৰ’ণাত আক্ৰান্ত হৈ পুনৰ এজনৰ মৃত্যু
38

ডিজিটেল ডেস্কঃ বিশ্বত সন্ত্ৰাস সৃষ্টি কৰা মহামাৰী কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ আৰু এজন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। এই মহামাৰী ৰোগত আক্ৰান্ত হৈ মহাৰাষ্ট্ৰৰ এজন বৃদ্ধই প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ ভাৰতত বৰ্তমানলৈকে তিনিজনকৈ লোকৰ মৃত্যু হৈছে।

উল্লেখ্য এই ভাইৰাছত আক্ৰান্ত হৈ বিশ্বত বৰ্তমানলৈকে মৃত্যুৰ সংখ্যা ৬ হাজাৰলৈ বৃদ্ধি পাইছে। বিশেষকৈ ভাৰতত এই পৰ্যন্ত ১২৮ গৰাকী ব্যক্তিৰ দেহত কৰ’ণা আক্ৰান্ত হৈছে। ইয়াৰে মহাৰাষ্ট্ৰৰ ১-৩ বছৰীয়া এটি শিশুও আছে।

জানিব পৰামতে মহাৰাষ্ট্ৰত এই ৰোগত সৰ্বাধিক আক্ৰান্ত হৈছে। মুম্বাইত ৩৯ জন ব্যক্তিৰ দেহত কৰ’ণাৰ পজিটিভ পোৱা গৈছে। যাৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰে মুম্বাইত ১৪৪ ধাৰা জাৰি কৰিছে। শেহতীয়াকৈ এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ আতংকৰ সৃষ্টি হৈছে।

Khobor24Hours

Leave a Reply

Your email address will not be published. Required fields are marked *