ডিব্ৰুগড়ত ৩১ মাৰ্চলৈ চিনেমা হল, পুথিভঁড়াল প্ৰেক্ষাগৃহ বন্ধৰ নিৰ্দেশঃ আৰু কি কি থাকিব বন্ধ 

ডিব্ৰুগড়ত ৩১ মাৰ্চলৈ চিনেমা হল, পুথিভঁড়াল প্ৰেক্ষাগৃহ বন্ধৰ নিৰ্দেশঃ আৰু কি কি থাকিব বন্ধ 
38

ডিজিটেল ডেস্কঃ বিশ্বত মহামাৰী ৰূপ ধাৰণ কৰা কভিদ-১৯ক লৈ আতংকৰ পৰিৱেশৰ সৃষ্টি হৈছে। চীনৰ ৱুহান চহৰৰ পৰা সংক্ৰমিত হোৱা মহামাৰী ৰোগবিধক প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে সকলো শিক্ষানুষ্ঠানৰ লগতে ৰাজহুৱা সভা বন্ধৰ নিৰ্দেশ প্ৰদান কৰিছে।

কালি ৰাজ্য চৰকাৰৰ মুখ্য সচিৱে এক সংবাদমেলযোগে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ ৩১ মাৰ্চলৈ শিক্ষানুষ্ঠান, ৰাজহুৱা সভাৰ উপৰি বিভিন্ন অনুষ্ঠান বন্ধৰ নিৰ্দেশ ঘোষণা কৰাৰ পিছতে ডিব্ৰুগড় জিলা প্ৰশাসনেও এই ক্ষেত্ৰত সষ্টম হৈছে। কালি অতিৰিক্ত জিলা উপায়ুক্ত ডিপু কুমাৰ বৈৰাগীয়ে চিনেমা হল আৰু পুথিভড়াল কৰ্তৃপক্ষৰ সৈতে হোৱা আলোচনাৰ অন্তত ৩১ মাৰ্চলৈ বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে।

একেদৰে কৰ’ণাই যাতে কোনো কাৰণতে জিলাখনত সংক্ৰমিত হব নোৱাৰে তাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে। ডিব্ৰুগড় বিমানবন্দৰত কৰ’নাৰ স্ক্ৰিনীঙৰ ব্যৱস্থা কৰাৰ লগতে ৰে’লৱে ষ্টেচনসমূহতো বিশেষ সাৱধানমূলক ব্যৱস্থা গ্ৰহণ কৰিছে।

ইফালে কৰ’না ভাইৰাছজনিত যিকোনো ৰোগৰ তথ্যৰ যোগাযোগ কৰিবলৈ জিলা প্ৰশাসনে মুকলি কৰিছে হেল্পলাইন নম্বৰ। ডিব্ৰুগড় জিলা প্ৰশাসনে মুকলি কৰা হেল্পলাইন নম্বৰ দুটা হৈছে ০৩৭৩-২৩১২৯৪০ আৰু ৯৪৩৫৩-৫৮৩৭১।

ইফালে ডিব্ৰুগড় বিশ্ববিদ্যালয়েও পাঠদান আৰু ছাত্ৰাৱাস বন্ধৰ নিৰ্দেশ প্ৰদান কৰিছে। আজিৰে পৰা বিশ্ববিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰীক ছাত্ৰাৱাস খালী কৰি দিয়াৰ নিৰ্দেশ প্ৰদান কৰিছে। অৱশ্যে বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক কাম-কাজ সাধাৰণভাৱে চলি থাকিব বুলি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ এই চি মহন্তই এক জৰুৰী নিৰ্দেশনাত প্ৰকাশ কৰিছে।

Khobor24Hours

Leave a Reply

Your email address will not be published. Required fields are marked *