মিজোৰামত বহিৰাগতৰ প্ৰৱেশ নিষিদ্ধ

মিজোৰামত বহিৰাগতৰ প্ৰৱেশ নিষিদ্ধ
21

ডিজিটেল ডেস্কঃ আপুনি যদি মিজোৰামলৈ যোৱাৰ কথা ভাবিছে তেন্তে এতিয়াই নাযাব। কাৰণ মিজোৰামত বহিৰাগতৰ প্ৰৱেশ নিষিদ্ধ কৰি দিয়া হৈছে মিজোৰাম চৰকাৰেছ। নভেল কৰণা ভাইৰাছক লৈ বিশ্বই আতংকৰ সৃষ্টি কৰি থকাৰ মাজতে মিজোৰামতো এই ভাইৰাছক লৈ প্ৰভাৱ পৰিছে।

মিজোৰামলৈ যোৱাৰ অসম মিজোৰাম সীমান্তৰ প্ৰৱেশদ্বাৰ ভাইৰেন্টিত থকা মিজোৰাম চৰকাৰৰ পাৰপত্ৰ পৰীক্ষা কেন্দ্ৰৰ লগতে সকলো চৰকাৰী বিভাগৰ চেক্ গেটবোৰ বন্ধ কৰি দিয়া হৈছে। লগতে শিলচৰ আৰু আন ঠাইত থকা মিজোৰাম চৰকাৰৰ ইনাৰ লাইন পাৰমিট প্ৰদান সাময়িক সময়ৰ বাবে বন্ধ কৰি দিয়া হৈছে।

উল্লেখ্য যে, জনসাধাৰণৰ প্ৰৱেশ বন্ধ কৰি দিয়া হৈছে যদিও সামগ্ৰী কাঢ়ি লৈ অহা বাহিৰৰ ট্ৰাক আৰু আন যান-বাহন মিজোৰামলৈ যাবলৈ দিয়া হোৱা নায়। যান-বাহনৰ চালক সহকাৰী আৰু আন লোকসকলক তেওঁলোকৰ প্ৰয়োজনীয় সকলো স্বাস্থ্য পৰীক্ষা ভাইৰেণ্টি প্ৰৱেশদ্বাৰত যান-বাহন থিয় কৰি চাবলগীয়া হয়।

Khobor24Hours

Leave a Reply

Your email address will not be published. Required fields are marked *