ডিব্ৰুগড়ৰ আমোলাপট্টিত ভয়ংকৰ পথ দূৰ্ঘটনা

ডিব্ৰুগড়ৰ আমোলাপট্টিত ভয়ংকৰ পথ দূৰ্ঘটনা
202

ডিজিটেল ডেস্কঃ এখন বৃহৎ LPG কেপচুলৰ চেপাত থিতাতে নিহত এজন বাইক আৰোহী। নিহত যুৱকজন বৰপেটাৰ ৰিজাবুল হক। গুৰুতৰভাৱে আহত আনজন আৰোহী গোৱালপাৰাৰ বাবু আলি বুলি জানিব পৰা গৈছে। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা। আমোলাপট্টীস্থিত আৰ কে জুনিয়ৰ কলেজৰ সন্মুখতে সংঘটিত হয় এই দুৰ্ঘটনাটো। শিৱসাগৰ দিশৰ পৰা অহা As26C 5264 নম্বৰৰ LPC কেপচুল গাড়ীক তীব্ৰ বেগত অহা পালচাৰ বাইকে অভাৰটেক কৰিবলৈ লওতেই ঘটনাটো সংঘটিত হয়।

দুই বাইক আৰোহী ওভৰি গৈ চকাৰ তলত সোমাই। এজনৰ মূৰৰ ওপৰেদি চকা উঠি যোৱাৰ বিপৰীতে আনজনৰ ভৰিৰ ওপৰেদি গাড়ীৰ চকা উঠি যায়। ফলত বৰপেটাৰ ৰিজাবুল হক নামৰ ২৬ বছৰীয়া যুৱকজন ঘটনাস্হলীতে নিহত হোৱাৰ বিপৰীতে আনজন আৰোহী গোৱালপাৰাৰ বাবু আলি সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে। ইতিমধ্যে ডিব্ৰুগড় যান-বাহন আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা LPG কেপচুল বাহনখনৰ লগতে বাইকখন জব্দ কৰিছে।

Khobor24Hours

3 thoughts on “ডিব্ৰুগড়ৰ আমোলাপট্টিত ভয়ংকৰ পথ দূৰ্ঘটনা

  1. Pingback: wayangpoker
  2. Pingback: pasarqq
  3. Pingback: masterdomino99

Leave a Reply

Your email address will not be published. Required fields are marked *