বজাৰত আহিছে থলুৱা মাস্ক

বজাৰত আহিছে থলুৱা মাস্ক
23

ডিজিটেল ডেস্কঃ বহিৰাজ্যত নিৰ্মাণ কৰা মাস্ক নহয়, এইবাৰ অসমতে নিৰ্মাণ হৈছে থলুৱা অসমীয়া মাস্ক। কৰ’ণা সংক্ৰমণ ৰোধৰ পৰা ৰক্ষা পাবলৈ চিকিত্সকে মাস্ক ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱাৰ লগে লগে বজাৰত ক্ৰমান্বয়ে বৃদ্ধি পালে মাস্কৰ মূল্য। তদুপৰি বজাৰত মানুহ অনুপাতে চাহিদা কম মাস্কৰ।

যাৰ ফলত অসমৰ এহাল দম্পতি ব্যস্ত হৈ পৰিছে থলুৱা মাস্ক নিৰ্মাণত। এই মাস্ক নিৰ্মাণ কৰিছে গামোচাৰে। গহপুৰত এহাল দম্পতিৰ প্ৰশংসনীয় পদক্ষেপক লৈ ৰাজ্যজুৰি চৰ্চা আৰম্ভ হৈছে। আনহাতে চছিয়েল মিডিয়াতো দম্পত্তিৰ প্ৰশংসনীয় পদক্ষেপৰ ফটো ভাইৰেল হৈ পৰিছে।

দিনে নিশাই কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ গামোচাৰে তৈয়াৰী কৰিছে মাস্ক।বজাৰত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি গামোচাৰে তৈয়াৰ কৰি উলিয়াইছে মাস্ক সমূহ। ডাঠকলাৰ ফনিন্দ্ৰ প্ৰধান আৰু সঙ্গীতা প্ৰধানে নিজৰ বস্ত্ৰ উদ্যােগত ব্যৱহাৰ কৰিছে এই অভিনৱ পদ্ধতি।

ডি কে আৰ্টিচান উদ্যােগত ব্যস্ততা বাঢ়িছে ফনিন্দ্ৰ প্ৰধান আৰু সঙ্গীতাৰ।ভাল বজাৰ দখল কৰিবলৈ সক্ষম হৈছে গামোচাৰ মাস্কে। কৰ’ণা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ এতিয়া গামোচাৰ মাস্ক কিনিবলৈ হেতাওপৰা লগাইছে গ্ৰাহকে।

Khobor24Hours

Leave a Reply

Your email address will not be published. Required fields are marked *