ৰঞ্জন গগৈক ৰাজ্যসভাৰ সদস্য হিচাপে মনোনিত

ৰঞ্জন গগৈক ৰাজ্যসভাৰ সদস্য হিচাপে মনোনিত
40

ডিজিটেল ডেস্কঃ ৰাজ্যসভালৈ মনোনীত হ’ল দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈ। কেন্দ্রীয় গৃহ মন্ত্রালয়ে এক অধিসূচনাযোগে দেশৰ প্রাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক ৰাজ্যসভালৈ মনোনীত কৰিছে ৷ ৰাজ্যসভাৰ এগৰাকী মনোনীত সদস্যই অৱসৰ গ্রহণ কৰাৰ বাবে সেই খালী ঠাই পূৰণ কৰিবলৈ ৰাষ্ট্রপতিয়ে মুখ্য ন্যায়াধীশ গগৈক ৰাজ্যসভালৈ মনোনীত কৰিছে ৷

কেন্দ্রীয় চৰকাৰে প্ৰকাশ কৰা অধিসূচনাত সোমবাৰৰ পৰাই কাৰ্যকৰী হোৱাকৈ প্রাক্তন মুখ্য ন্যায়াধীশ গগৈক ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত  কৰিছে ৷

উল্লেখ্যযোগ্য যে শতিকা পুৰণি ৰাম জনমভূমি বাবৰি মছজিদ গোচৰৰ ঐতিহাসিক ৰায়ৰ লগতে কেইবাটাও গুৰুত্বপূর্ণ ৰায় দি দেশবাসীৰ মাজত চর্চিত হোৱা প্রাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ২০১৯ চনৰ ১৭ নৱেম্বৰত অৱসৰ গ্রহণ কৰিছিল ৷

গুৱাহাটী উচ্চ ন্যায়ালয়ত ২০০১ চনত বিচাৰপতি হিচাপে ন্যায়িক ব্যৱস্থাত কেৰিয়াৰ আৰম্ভ কৰা ন্যায়াধীশ ৰঞ্জন গগৈ ২০১০ চনত পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়লৈ বদলি হৈছিল ৷ ২০১১ চনত পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কার্যনির্বাহ কৰাৰ পাছত ২০১২ চনৰ ২৩ এপ্রিলত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল ৷ ২০১৮ চনৰ ৩ অক্টোবৰত দেশৰ ৪৬ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্রহণ কৰা ন্যায়াধীশ ৰঞ্জন গগৈয়ে ২০১৯ চনৰ ১৭ নৱেম্বৰত অৱসৰ গ্রহণ কৰিছিল ৷

অসমৰ প্রাক্তন মুখ্যমন্ত্রী কেশৱ চন্দ্র গগৈৰ পুত্র ডিব্রুগড়ত ১৯৫৪ চনৰ ১৮ নৱেম্বৰত জন্মগ্রহণ কৰা ৰঞ্জন গগৈয়ে নতুন দিল্লীৰ ছেইণ্ট ষ্টিফেন কলেজৰ পৰা ইতিহাসত সন্মানসহ স্নাতক ডিগ্রী লাভ কৰাৰ পাছত দিল্লী বিশ্ববিদ্যালয়ৰ পৰাই আইনৰ ডিগ্রী লাভ কৰিছিল ৷

Khobor24Hours

Leave a Reply

Your email address will not be published. Required fields are marked *