জামিন পালে শশী শেনছোৱাই

জামিন পালে শশী শেনছোৱাই
38

ডিজিটেল ডেস্কঃ অৱশেষত জামিন লাভ কৰিলে কৃষক নেতা শশী শেনছোৱাই। কা বিৰোধী আন্দোলনত সৃষ্টি হোৱা হিংসাত্মক কাণ্ডত জড়িত থকাৰ অভিযোগত ডিব্ৰুগড়ৰ তিনিখন থানাত ৰুজু হৈ থকা গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা শশী শেনছোৱাৰ জামিন কালি আদালতে মঞ্জুৰ কৰে।

ডিব্ৰুগড় জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক শশী শেনছোৱাৰ অধিবক্তা অনুজ ছেত্ৰীয়ে কৃষক নেতাগৰাকীৰ জামিন আবেদন ডিব্ৰুগড় আদালতত দাখিল কৰিছিল। এই আবেদনৰ ভিত্তিত আদালতত হোৱা শুনানীত কৃষক নেতাগৰাকীৰ জামিন মঞ্জুৰ কৰে।

উল্লেখ্য যে, যোৱা ১৯ জানুৱাৰীত টিংখঙৰ নিজা বাসগৃহৰ পৰা কৃষক নেতাগৰাকীক পুৱতি নিশা গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ থকাৰ পিছত কৃষক নেতাগৰাকীয়ে গুৰুতৰভাৱে অসুস্থ হৈ মাৰ্চত অসম চিকিত্সা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়।

সম্প্ৰতি চিকিত্সা মহাবিদ্যালয়ত চিকিত্সাধীন হৈ থকা কৃষক নেতাগৰাকীয়ে জামিনত মুক্তি লাভ কৰিলেও এতিয়াই মুকলি আকাশৰ তললৈ ওলাই অহাৰ সম্ভাৱনা নাই। কাৰণ কৃষক নেতাগৰাকীক চিকিত্সকে ৰিলিজ দিলেহে মুকলি আকাশৰ তললৈ ওলাই আহিব পাৰিব।

Khobor24Hours

Leave a Reply

Your email address will not be published. Required fields are marked *